ভাৰত ইতিহাসৰ বিষয়বস্তু (পুৰাতত্ত্ব, প্রাচীন ভাৰত আৰু যুগে যুগে অসম)the Archaeology, Ancient India & Assam through Ages

 ইটা, মণি আৰু হাড়বোৰ

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন ১। মহেঞ্জোদাৰোৰ ৰাস্তাবিলাক কিমান আহল-বহল আছিল ?

               উত্তৰ: প্রায় ১৩.৫ মিটাৰৰ পৰা ৩৩ মিটাৰ পৰ্যন্ত আহল-বহল আছিল।

প্রশ্ন ২। কোন চনত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল

উত্তৰঃ খ্ৰীঃ পূঃ ৩২৬-ত আক্ৰমণ কৰিছিল ৷

প্রশ্ন ৩। লিংগ বুলিলে কি বুজা?

ঊত্তৰঃ সদাশিৱৰ পূজাৰ লগত লিংগ জড়িত।

প্রশ্ন ৪। কেতিয়া হৰপ্পা সভ্যতাৰ পতন ঘটিছিল?

উত্তৰঃ প্ৰায় খ্ৰীঃ পূঃ ১৭০০ বা খ্ৰীঃপূঃ ১৭৫০ৰ ভিতৰত এই সভ্যতাৰ পতন ঘটিছিল বুলি কোৱা হয়।

প্রশ্ন ৫। সভ্যতা বুলিলে কি বুজা?

উত্তৰ : কোনো ব্যক্তি বা সমাজৰ বিৱৰ্তন প্ৰক্ৰিয়াকে সভ্যতা বুলি কোৱা হয়।

প্রশ্ন ৬। মহেঞ্জোদাৰোৰে স্থানাগাৰটোৰ আয়তক্ষেত্র কিমান আছিল ?

উত্তৰ : ইয়াৰ আয়তক্ষেত্র ৩০×২৩×৪ মিটাৰ আছিল ৷

প্রশ্ন ৭। হৰপ্পা সভ্যতাৰ বিকাশ কাল উল্লেখ কৰা।

উত্তৰ : খ্ৰীঃ পূঃ ২৫০০ ৰ ভিতৰত এই সভ্যতাই বিকাশ লাভ কৰিছিল।

প্রশ্ন ৮। সিন্ধু সভ্যতা উত্তৰ আৰু দক্ষিণ দিশত কিমান মাইল জুৰি বিস্তৃত আছিল?

উত্তৰ : দুয়োফালে প্রায় ১৬০০ কিলোমিটাৰ বিস্তৃত আছিল।

প্রশ্ন ৯। মেছোপটেমীয়া আৰু বেবিলনীয় সভ্যতাৰ বিকাশ কাল নিৰূপণ কৰা।

উত্তৰঃ খ্ৰীঃ পূঃ ৩২৫০ ৰ পৰা খ্ৰীঃ পূঃ ২৭৫০ ৰ ভিতৰত এই সভ্যতাৰ বিকাশ হৈছিল

বুলি অনুমান কৰা হয়।

প্রশ্ন ১০। সিন্ধু সভ্যতাৰ সময়ত এতিয়ালৈ কিমান চীল-মোহৰ আৱিষ্কাৰ হৈছে?

 উত্তৰঃ প্রায় ১০৭ টা চীল মোহৰ আৱিষ্কাৰ হৈছে।

প্রশ্ন ১১। হৰপ্পা সভ্যতাৰ বিষয়ে কেতিয়া তথ্য লাভ কৰা গৈছিল ?

 উত্তৰ : ১৯২১-২২ চনত তথ্য লাভ কৰা গৈছে।

প্রশ্ন ১২। সামাজিক বৈষম্য সৃষ্টি কৰা এটা উপাদানৰ নাম লিখা।

উত্তৰ : ব্যক্তিগত সম্পত্তিয়ে সমাজৰ বৈষম্যৰ সৃষ্টি কৰে।

প্রশ্ন ১৩। আলেকজেণ্ডাৰ কানিংহাম কোন আছিল।

উত্তৰঃ ভাৰতীয় পূৰাতত্ত্ব বিভাগৰ পিতৃ-পুৰুষ আছিল ৷

প্রশ্ন ১৪। লিপি বুলিলে কি বুজা?

উত্তৰ : লিখাৰ তিকে লিপি বুলি কোৱা হয়৷

প্রশ্ন ১৫। জাতক বুলিলে কি বুজা?

উত্তৰঃ জাতকবোৰ হল পুথি৷ এইবোৰ পালি ভাষাত উল্লেখ হৈছিল।

প্রশ্ন ১৬। দ্রোণ কোন আছিল?

উত্তৰঃ দ্ৰোণ এজন ব্ৰাহ্মণ পণ্ডিত আছিল। তেওঁ কুৰবংশৰ কোঁৱৰসকলক ধনুবিদ্যা শিকাইছিল ৷

প্রশ্ন ১৭। দ্রৌপদী কোন আছিল?

উত্তৰঃ দ্ৰুপদ ৰজাৰ জীয়ৰী দ্রৌপদী পঞ্চপাণ্ডৱৰ সহধর্মীণী আছিল

প্রশ্ন ১৮। গৌতম আৰু বশিষ্ঠ কোন আছিল?

উত্তৰ : এই দুয়োজন বৈদিক যুগৰ ঋষি আছিল।

প্রশ্ন ১৯। এটা বংশৰ দুটা পৰিয়ালৰ মাজত চলা বিবাদৰ কাহিনী কোনখন কাব্যত বর্ণনা কৰা হৈছে?

উত্তৰঃ মহাভাৰত নামৰ কাব্যত বৰ্ণনা কৰা হৈছে।

প্রশ্ন ২০। সিন্ধু সভ্যতাৰ যুগত কেইবিধ বিবাহ পদ্ধতিৰ কথা জনা যায়?

উত্তৰ : চাৰিবিধ বিবাহ পদ্ধতিৰ কথা জনা যায়।

প্রশ্ন ২১। বৈশ্যসকল কি বৃত্তিৰ লগত জড়িত আছিল?

উত্তৰ : তেওঁলোক ব্যৱসায়-বাণিজ্যৰ লগত জড়িত আছিল।

প্রশ্ন ২২। বাঘক কিয় ঘৰৰ মুখিয়ালজনৰ লগত তুলনা কৰা হৈছে?

উত্তৰঃ কাৰণ বাঘৰদৰে ঘৰৰ মুখিয়ালজন সাহসী আৰু শক্তিশালী হোৱা উচিত।

প্রশ্ন ২৩। প্রাকৃতিক মনোমোহা সুদর্শন হ্রদ কত অৱস্থিত আছিল?

উত্তৰ : গুজৰাটৰ গিৰিণাৰ নামে ঠাইত এই হ্রদটো অৱস্থিত আছিল।

প্রশ্ন ২৪। ইন্দ্ৰ দেৱতাক অন্য কি নামেৰে জনা যায়।

উত্তৰঃ বৰুণ দেৱতা হিচাপেও জনা যায়।

প্রশ্ন ২৫। কোনখন গাঁৱৰ পৰা পাটলীপুত্ৰ চহৰখন গঢ়ি উঠিছিল?

উত্তৰ : পাটলী গ্রাম নামৰ গাঁওখন পিছলৈ পাটলীপুত্ৰ চহৰ হয়।

প্রশ্ন ২৬। ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ পিতৃ কোন?

               উত্তৰঃ ডাইৰেক্টৰ জেনেৰেল আলেকজেণ্ডাৰ কানিংহাম।

প্রশ্ন ২৭। দেৱনামপ্ৰিয় প্রিয়দর্শী বুলি কাক বুজোৱা হৈছিল?

উত্তৰঃ মৌর্য সম্রাট অশোকক কোৱা হৈছিল?

প্রশ্ন ২৮। হৰপ্পা যুগৰ এখন নগৰৰ নাম উল্লেখ কৰা।

উত্তৰ : লোথাল হল হৰপ্পা যুগৰ এখন নগৰ। [M.Q.]

প্রশ্ন ২৯। কোনজন গুপ্ত সম্রাটৰ নামৰ লগত সুদৰ্শন হ্ৰদৰ নাম জড়ি?

উত্তৰঃ গুপ্ত সম্ৰাট ৰুদ্ৰদমনৰ নামৰ লগত এই হ্ৰদৰ নাম জড়িত আছিল৷ কাৰণ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই হ্ৰদৰ যি ক্ষতি সাধন হৈছিল, পিছত ৰুদ্ৰদমনে ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল বুলি কোৱা হয় ৷

প্রশ্ন ৩০৷ ভাৰতবৰ্ষৰ পুৰাতত্ত্বৰ পিতৃহিচাপে কাক আখ্যা দিয়া হয়? [H.S. '12

উত্তৰ : আলেকজেণ্ডাৰ কানিংহামকে ভাৰতৰ পুৰাতত্ব বিভাগৰ পিতৃ বুলি কোৱা হয়। তেওঁ ভাৰতৰ পুৰাতত্ত্ব বিভাগৰ প্ৰথম ডাইৰেক্টৰ জেনেৰেল আছিল।

প্রশ্ন ৩১। 'অর্থশাস্ত্রপুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : কৌটিল্য বা চানক্য ৷ [H.S. '12]

প্রশ্ন ৩২। হৰপ্পা সভ্যতাৰ দুখন স্থানৰ নাম উল্লেখ কৰা। [H.S. '12]

উত্তৰঃ হৰপ্পা সভ্যতাৰ দুখন স্থানৰ নাম হ— (ক) ৰাজস্থানৰ কালিবানগানআৰু (খ) গুজৰাটৰ লোথান

প্রশ্ন ৩৩। শিলালিপিসমূহৰ সাক্ষ্যৰ সীমাবদ্ধতা কিছুমান উল্লেখ কৰা। [H.S. '12]

উত্তৰ : শিলালিপিবোৰৰ সীমাৱদ্ধতা আছে

(ক) শিল্পকৌশলমূলক সীমাবদ্ধতা লিপিৰ দূৰ্বোধ্য পাক।

(খ) খোদাই কৰা আখৰৰ অস্পষ্টতাৰ বাবে পাঠোদ্ধাৰ অসম্ভৱ হৈ পৰে।

(গ) হাজাৰ বছৰ পৌৰাণিক হোৱাৰ বাবে বাখৰবোৰ ভগাছিগা, লুপ্ত হোৱা বাবে পাঠোদ্ধাৰ অসম্ভৱ হৈ পৰে।

(ঘ) লিপিত ব্যৱহাৰ কৰা শব্দৰ অৰ্থ বা মানে স্থিৰ কৰাটো নিশ্চিত কৰিব নোৱাৰি৷

(ঙ) স্থান বিশেষে শব্দৰ ব্যৱহাৰ বা অৰ্থ বেলেগ বেলেগ হব পাৰে কাৰণে পাঠোদ্ধাৰ নিশ্চিত নহয়।

গতিকে শিলালিপিৰ সীমাবদ্ধতা থকা দেখা যায়।

প্রশ্ন ৩৪। হৰপ্পা সভ্যতাৰ যি কোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰ : (ক) সুন্দৰ পৰিকল্পনাৰে এখন নগৰীয়া সভ্যতা আছিল।

(খ) নগৰৰ মাজত আছিল উন্নত নলাসজা পদ্ধতি।

প্রশ্ন ৩৫। হৰপ্পা সভ্যতাত শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি. আছিল? [H.S. '14]

উত্তৰ : এই সঁজুলি বিধক জাত বুলি জনা গৈছিল।

প্রশ্ন ৩৬। Further excavations of Mohenjo-daro কোনে লিখিছিল?[H.S, '15]

উত্তৰ : আর্ণেষ্ট মেক নামৰ লোকজনে লিখিছিল৷

প্রশ্ন ৩৭। ব্ৰাহ্মী আৰু খৰোষ্টি আখৰৰ পাঠ উদ্ধাৰ প্ৰথমে কোনে কৰিছিল?[H.S. [17]

উত্তৰ : জেমচ প্রিন্সচেপে এই আখৰৰ পাঠ প্রথমে উদ্ধাৰ কৰিছিল।

প্রশ্ন ৩৮। সিন্ধু উপত্যকাৰ সভ্যতা প্রথমে কত আৱিষ্কাৰ হৈছিল ?

উত্তৰ ঃ হৰপ্পা আৰু মহাঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল। [H.S. '18].

প্রশ্ন ৩৯। আলেকজেণ্ডাৰ কানিংহাম কোন আছিল?

উত্তৰ : ভাৰতীয় পূৰাতত্ত্ব বিভাগৰ পিতৃপুৰুষ আছিল।

প্রশ্ন ৪০। হৰপ্পা সভ্যতাৰ স্থানসমূহত প্রাপ্ত এবিধ শস্যৰ নাম লিখা।

উত্তৰ : হৰপ্পা সভ্যতাৰ স্থানসমূহত প্রাপ্ত এবিধ শস্যৰ নাম হল গম।

প্রশ্ন ৪১। গুপ্ত সম্রাট সমুদ্রগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল?

উত্তৰ ঃ হৰিসেন আছিল ৰাজসভাৰ কবি। [H.S. '19] [H.S. '20] [H.S. '20]

Post a Comment

0 Comments